< ইসাইয়া 56 >
1 ১ যিহোৱাই এই কথা কৈছে, “তোমালোকে যি ন্যায়সঙ্গত তাক পালন কৰা, যি সত্যপৰায়ণ তাক কৰা; কাৰণ মোৰ পৰিত্ৰাণ অতি ওচৰ, আৰু মোৰ ধর্মপৰায়ণতা মুহর্ততে প্ৰকাশ পাব।
Tak mówi Pan: Strzeżcie sądu, a czyńcie sprawiedliwość; bo blisko tego, że zbawienie moje przyjdzie, a sprawiedliwość moja objawiona będzie.
2 ২ যি মানুহে এই কৰ্ম কৰে, আৰু যি সকলে তাক দৃঢ় ভাবে ধৰি ৰাখে তেওঁলোক আশীর্বাদপ্রাপ্ত হ’ব। তেওঁলোকে অপবিত্ৰ নকৰাকৈ বিশ্ৰাম বাৰ পালন কৰে, আৰু নিজৰ হাত যিকোনো কুকৰ্ম নকৰাকৈ ধৰি ৰাখে।”
Błogosławiony człowiek, który to czyni, i syn człowieczy, który się trzyma tego, przestrzegając sabatu, aby go nie splugawił, a strzegąc ręki swej, aby nie uczyniła nic złego.
3 ৩ “যিহোৱাই নিশ্চয়কৈ মোক নিজৰ লোকসকলৰ পৰা পৃথক কৰি থ’ব,” এই বুলি যিসকল বিদেশী যিহোৱাৰ অনুগামী তেওঁলোকে নকওক। “চোৱা, মই শুকান গছ,” এই বুলি নপুংসকে ক’ব নালাগে।
Niech tedy nie mówi cudzoziemiec, który przystaje do Pana, mówiąc: Zaiste Pan mię odłączył od ludu swego; niech też nie mówi trzebieniec: Otom ja drzewo suche.
4 ৪ কাৰণ যিহোৱাই এই কথা কৈছে, যি সকল নপুংসক মোৰ বিশ্ৰাম বাৰ পালন কৰে, আৰু মই সন্তুষ্ট হোৱা বিষয় বাচি ল’য়, আৰু মোৰ নিয়মেৰে উপবাস ৰাখে-
Albowiem tak mówi Pan o trzebieńcach, którzyby przestrzegali sabatów moich, a obrali to, co mi się podoba, i trzymali przymierze moje:
5 ৫ তেওঁলোকৰ বাবে মই মোৰ গৃহত আৰু মোৰ দেৱালৰ ভিতৰত ল’ৰা আৰু ছোৱালী সকলতকৈ উত্তম কীর্তিস্তম্ভ স্হাপন কৰিম; কেতিয়াও লুপ্ত নোহোৱা চিৰস্থায়ী কীর্তিস্তম্ভ তেওঁলোকক দিম।”
Żeć im dam w domu swym i między murami mojemi miejsce, i imię lepsze niżeli synów i córek; dam im imię wieczne, które nie będzie wygładzone.
6 ৬ যি বিদেশীসকলে নিজকে যিহোৱাৰ সৈতে সংযুক্ত কৰে, তেওঁক পৰিচৰ্যা কৰিবলৈ, আৰু যি সকলে যিহোৱাৰ নাম প্ৰেম কৰিবলৈ, আৰু তেওঁৰ উপাসনা কৰিবলৈ, আৰু দাস হ’বলৈ যি পৰজাতিসকলে তেওঁৰ লগ লয়, যি প্রতিজনে অপবিত্ৰ নকৰাকৈ বিশ্ৰাম-বাৰ পালন কৰে, আৰু মোৰ নিয়মেৰে উপবাস ৰাখে-
A cudzoziemców, którzyby przystali do Pana, aby mu służyli, a miłowali imię Pańskie, będąc u niego za sługi, wszystkich przestrzegających sabaty, aby go nie splugawili, i zachowujących przymierze moje;
7 ৭ সেই সকলোকে মই নিজৰ পবিত্ৰ পৰ্ব্বতলৈ আনিম, আৰু মোৰ প্ৰাৰ্থনা-গৃহত তেওঁলোকক আনন্দিত কৰিম; তেওঁলোকৰ হোম-বলি আৰু তেওঁলোকৰ বলিদান মোৰ যজ্ঞ-বেদিৰ ওপৰত গ্ৰহণ কৰা হ’ব, কাৰণ মোৰ গৃহক সকলো জাতিৰ প্ৰাৰ্থনা-গৃহ বুলি কোৱা হ’ব।
Tych przywiodę na górę świętobliwości mojej, a uweselę ich w domu modlitwy mojej; całopalenia ich i ofiary ich przyjemne będą na ołtarzu moim; bo dom mój domem modlitwy nazwany będzie u wszystkich narodów.
8 ৮ যি জনে ইস্ৰায়েলৰ সমাজচ্যুত সকলক গোটায়, সেই ঈশ্বৰ যিহোৱাই ঘোষনা কৰিছে: তেওঁলোকৰ উপৰিও মই এতিয়াও আন লোকসকলকো গোটাম।
Tak mówi panujący Pan, który zgromadza rozpędzonych z Izraela: Jeszcze zgromadzę do niego, i do zgromadzonych jego.
9 ৯ পথাৰৰ সকলো বনৰীয়া জন্তুবোৰ, অৰন্যত থকা জন্তুবোৰ, আহা আৰু গ্রাস কৰ!
Wszystkie zwierzęta polne przyjdźcie na pożarcie, i wszystkie zwierzęta leśne.
10 ১০ তাৰ সকলো প্ৰহৰী অন্ধ; তেওঁলোকে বুজি নাপায়; তেওঁলোক সকলো ভতুৱা কুকুৰ; ভুকিব নোৱাৰে: তেওঁলোকে সপোন দেখি থাকে, তলত বাগৰি থাকে, আৰু শুবলৈ ভাল পায়।
Stróżowie jego ślepi, wszyscy zgoła nic nie umieją, wszyscy są psami niememi, nie mogą szczekać; ospałymi są, leżą, kochają się w drzemaniu.
11 ১১ সেই কুকুৰবোৰৰ অধিক ভোক লাগে; সিহঁতৰ কেতিয়াও যথেষ্ট নহয়; তেওঁলোক নিৰ্ণয় ল’ব নোৱাৰা মেৰ-ছাগ ৰখীয়া, তেওঁলোক সকলোৱে নিজৰ বাটে ঘূৰি গ’ল, আৰু অন্যায় লাভৰ বাবে প্রতিজনেই লোভী।
A są psami obżartemi, nie mogą się nigdy nasycić; sami się pasąc nie umieją nauczać. Wszyscy się za drogą swoją udali, każdy za łakomstwem swojem z strony swej, mówiąc:
12 ১২ তেওঁলোকে কয়, “আহা আমি দ্ৰাক্ষাৰস আৰু সুৰা পান কৰোঁহক; অহা কালি আজিৰ দৰে হ’ব, জুখিব নোৱাৰাকৈ এটা মহান দিন হ’ব।”
Pójdźcie, nabiorę wina, a upijemy się mocnym napojem, a będzie nam jako dziś tak i jutro, i jeszcze daleko obficiej.