< হোসেয়া 4 >
1 ১ হে ইস্ৰায়েলীয়াসকল, তোমালোকে যিহোৱাৰ বাক্য শুনা; কিয়নো দেশৰ বাসিন্দাসকলৰ বিৰুদ্ধে যিহোৱাৰ এক অভিযোগ আছে। সেয়া হৈছে, দেশখনত বিশ্বস্ততা বা সত্যবাদিতা নাই আৰু ঈশ্বৰ সম্বন্ধে কোনো জ্ঞান নাই।
Montie Awurade asɛm, mo Israelfoɔ ɛfiri sɛ Awurade wɔ kwaadu de bɔ mo a mote asase no so: “Nokorɛ, ɔdɔ, anaa Onyankopɔn ho nimdeɛ nni asase no so.
2 ২ কেৱল শপত ভাঙা, মিছা কথা কোৱা, নৰ-বধ কৰা, চুৰ কৰা আৰু ব্যভিচাৰ চলিছে; ৰক্তপাতৰ উপৰি ৰক্তপাত হৈছে।
Nnome nko ara, atorɔtwa ne awudie, korɔnobɔ, ne awaresɛeɛ na moyɛ ma ɛtra so, na mogyahwiegu ba ntoasoɔ ntoasoɔ.
3 ৩ এই কাৰণে দেশে শোক কৰিছে, আৰু যি সকলে তাত বাস কৰে তেওঁলোক দুর্বল হৈ গৈছে। বনৰীয়া পশু আৰু আকাশৰ চৰাইবোৰ, এনেকি সমুদ্রৰ মাছবোৰৰ বিনাশ হৈছে।
Yei enti asase no di awerɛhoɔ na wɔn a ɛte so nyinaa wuwu; ewiram mmoa, ewiem nnomaa ne ɛpo mu nam rewuwu.
4 ৪ তথাপিও কোনো মানুহে বিবাদ নকৰক, কোনেও কাৰো বিৰুদ্ধে অভিযোগ নকৰক; কিয়নো, হে পুৰোহিতসকল, তোমালোকৰ ওচৰত মোৰ অভিযোগ আছে।
“Mma obiara mmɔ kwaadu, mma obiara mmɔ ɔfoforɔ soboɔ. Na mmom, mo asɔfoɔ mo na me ne mo anya.
5 ৫ পুৰোহিতসকল, তোমালোকে দিনত উজুটি খাবা, ৰাতি তোমালোকৰ সৈতে ভাৱবাদীয়েও উজুটি খাব; মই তোমালোকৰ মাতৃ ইস্রায়েলক বিনষ্ট কৰিম।
Mosunti awia ne anadwo, na adiyifoɔ no ne mo sunti. Ɛno enti mɛsɛe mo ɔman.
6 ৬ জ্ঞানৰ অভাৱত মোৰ লোকসকল নষ্ট হৈছে। তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে মইও তোমালোকক মোৰ পুৰোহিত হিচাবে অগ্ৰাহ্য কৰিলোঁ। তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা, সেয়ে মইও তোমালোকৰ সন্তান সকলক পাহৰি যাম।
Nimdeɛ a me nkurɔfoɔ nni enti wɔresɛe. “Sɛ moapo nimdeɛ enti, me nso mapo mo sɛ mʼasɔfoɔ; sɛ moabu moani agu mo Onyankopɔn mmara so enti, me nso mabu mʼani agu mo mma so.
7 ৭ পুৰোহিতসকল সংখ্যাত যিমানে বৃদ্ধি পাইছে, সিমানে তেওঁলোকে মোৰ বিৰুদ্ধে পাপ কৰিছে; মই তেওঁলোকৰ গৌৰৱ লাজত পৰিবৰ্ত্তন কৰিম।
Asɔfoɔ no redɔɔso no na bɔne a ɛboro soɔ na wɔyɛ tia me. Wɔde wɔn Animuonyam asesa deɛ ɛyɛ animguaseɛ.
8 ৮ মোৰ লোকসকলৰ পাপ কার্যত তেওঁলোকে আহাৰ পায়; লোকসকলৰ দুষ্টতাৰ কাৰণে তেওঁলোক লোভী হয়।
Wɔdidi me nkurɔfoɔ bɔne ho ɛno enti wɔn ani gye atirimuɔdensɛm ho.
9 ৯ এই হেতুকে, যেনেকৈ লোকসকল, তেনেকৈ পুৰোহিতসকলৰো হ’ব; দুয়োকো তেওঁলোকৰ দুষ্ট পথৰ বাবে মই শাস্তি দিম। মই তেওঁলোকৰ কাৰ্যবোৰৰ বাবে তেওঁলোকক প্ৰতিফল দিম।
Sɛdeɛ nnipa no teɛ no, saa ara na asɔfoɔ no nso teɛ. Metwe wɔn mmienu aso wɔ wɔn akwan ho na matua wɔn wɔn nneyɛeɛ so ka.
10 ১০ তেওঁলোকে ভোজন কৰিব, কিন্তু তৃপ্ত নহ’ব, বেশ্যাকৰ্ম কৰিব, কিন্তু সংখ্যা বৃদ্ধি নহ’ব; কিয়নো তেওঁলোকে মূর্তিপূজা কৰি যিহোৱাক ত্যাগ কৰিলে।
“Wɔbɛdidi, nanso wɔremmee. Wɔbɛbɔ adwaman, nanso wɔrennɔre, ɛfiri sɛ, wɔagya Awurade hɔ, de wɔn ho ama
11 ১১ ব্যভিচাৰ, দ্ৰাক্ষাৰস আৰু নতুন দ্রাক্ষাৰসে লোকসকলৰ বুদ্ধি নষ্ট কৰিছে।
adwamammɔ, nsã dada ne foforɔ, a ɛma me nkurɔfoɔ
12 ১২ মোৰ লোকসকলে এডোখৰ কাঠৰ মূর্তিৰ ওচৰত পৰামর্শ বিচাৰে, তেওঁলোকৰ লাখুটিডালে তেওঁলোকক নির্দেশনা দিয়ে, কিয়নো বেশ্যাকৰ্মলৈ নিয়া আত্মাই তেওঁলোকক বিপথে লৈ গৈছে। তেওঁলোকে বেশ্যাকৰ্ম কৰি নিজৰ ঈশ্বৰক ত্যাগ কৰিলে।
nteaseɛ tu yera. Wɔkɔ abisa wɔ ahoni a wɔde nnua asene nkyɛn na duasin bi ama wɔn mmuaeɛ. Adwamammɔ honhom rema wɔn ayera ɛkwan; wɔnni wɔn Onyankopɔn nokorɛ.
13 ১৩ তেওঁলোকে পর্বতৰ উচ্চ চূড়াবোৰত বলি উৎসর্গ কৰে, পাহাৰবোৰৰ ওপৰত নৈবেদ্য উৎসর্গ কৰে, অলোন, লিবনি, আৰু এলা গছৰ তলত, য’ত আৰামদায়ক ছাঁ আছে, তাত ধূপ জ্বলায়। সেই কাৰণেই তোমালোকৰ ছোৱালীবোৰ বেশ্যা হয়, আৰু তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰে।
Wɔbɔ afɔdeɛ wɔ mmepɔ atifi na wɔhye afɔrebɔdeɛ wɔ nkokoɔ so: odum, duafufuo ne odupɔn ase, deɛ onwunu yɛ fɔmm hɔ. Ɛno enti, wo mmammaa dane adwamammɔfoɔ na mo nsenom mmaa nso yɛ awaresɛefoɔ.
14 ১৪ তোমালোকৰ ছোৱালীবোৰে বেশ্যাকৰ্ম কৰিলেও, বা তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰিলেও মই তেওঁলোকক শাস্তি নিদিম; কিয়নো পুৰুষসকলে নিজেই বেশ্যাসকলৰ সৈতে নিৰ্জন ঠাইলৈ যায়, আৰু দেৱদাসী বেশ্যাসকলৰ সৈতে বলি উৎসর্গ কৰে; এই বুদ্ধিহীন জাতি ধ্বংস হৈ যাব।
“Merentwe mo mmammaa aso sɛ wɔadane adwamanfoɔ, anaa mo nsenom mmaa aso sɛ wɔasɛe awadeɛ. Ɛfiri sɛ, mo mmarima, mo nso mote saa ara. Mo ne baasifoɔ ne abosomfieso adwamanfoɔ di hwebom. Nnipa a wɔnni nteaseɛ bɛkɔ ɔsɛeɛ mu!
15 ১৫ হে ইস্ৰায়েল, তুমি যদিও ব্যভিচাৰ কৰিছা, তথাপিও যিহূদা যেন সেই দোষত দোষী নহয়; তোমালোক গিলগললৈ নাযাবা, বৈৎ-আবনলৈকে উঠি নাযাবা; “জীৱন্ত যিহোৱাৰ শপত” বুলি শপত নাখাবা।
“Ɛwom sɛ woyɛ ɔwaresɛefoɔ deɛ, Ao Israel, nanso, mma Yuda nni ho fɔ. “Nkɔ Gilgal; na ɛmforo nkɔ Bet Awen. Na nnka ntam sɛ, ‘Sɛ Awurade te ase yi!’
16 ১৬ ঠৰডিঙীয়া চেঁউৰী গাইৰ নিচিনা ইস্রায়েলীয়াসকল ঠৰডিঙীয়া। সেয়ে, বহল পথাৰত পোৱালি মেৰ-ছাগ এটাক চৰোৱাৰ দৰে যিহোৱাই জানো এতিয়া তেওঁলোকক চৰাব পাৰে?
Israelfoɔ yɛ asoɔdenfoɔ te sɛ, nantwie ba a ɔyɛ asowuiɛ ɛbɛyɛ dɛn na Awurade ahwɛ wɔn so sɛ nnwammaa a wɔwɔ adidibea?
17 ১৭ ইফ্ৰয়িমে মূৰ্ত্তিবোৰৰ সৈতে যোগ দিছে। তেওঁক সেইদৰেই থাকিব দিয়া।
Efraim de ne ho abɔ ahoni; Gyaa no!
18 ১৮ যেতিয়া তেওঁলোকৰ সুৰা পান কৰা শেষ হয়, তেতিয়া তেওঁলোকে বেশ্যাকৰ্ম কৰি থাকে; তেওঁলোকে নিজৰ গৌৰৱতকৈ ব্যভিচাৰী কার্যক অধিক বেছি ভাল পায়।
Sɛ wɔn nsã sa koraa a, wɔtoa wɔn adwamammɔ so; wɔn sodifoɔ ani gye aniwudeɛ ho yie.
19 ১৯ শাস্তিৰ এক বায়ুৱে নিজৰ ডেউকাৰে সেই জাতিক মেৰিয়াই উৰাই লৈ যাব; তাতে তেওঁলোকে নিজৰ উৎসর্গবোৰৰ কাৰণে লাজ পাব।
Ntwaho mframa bɛpra wɔn akɔ, na wɔn afɔrebɔ de animguaseɛ bɛbrɛ wɔn.