< হোসেয়া 11 >

1 ইস্ৰায়েল যেতিয়া শিশু আছিল তেতিয়া মই তেওঁক প্ৰেম কৰিছিলোঁ, মই মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ।
כִּי נַעַר יִשְׂרָאֵל וָאֹהֲבֵהוּ וּמִמִּצְרַיִם קָרָאתִי לִבְנִֽי׃
2 মই তেওঁলোকক যিমানে মাতিছিলোঁ, সিমানেই তেওঁলোক মোৰ ওচৰৰ পৰা দূৰলৈ আঁতৰি গ’ল; তেওঁলোকে বাল দেৱতাবোৰৰ উদ্দেশ্যে বলি উৎসর্গ কৰিছিল, আৰু কটা মূৰ্ত্তিবোৰৰ কাৰণে ধূপ জ্বলাইছিল।
קָרְאוּ לָהֶם כֵּן הָלְכוּ מִפְּנֵיהֶם לַבְּעָלִים יְזַבֵּחוּ וְלַפְּסִלִים יְקַטֵּרֽוּן׃
3 তথাপিও ময়েই ইফ্ৰয়িমক খোজ কাঢ়িবলৈ শিকালোঁ। ময়েই তেওঁক মোৰ কোলাত লৈ ফুৰিলোঁ; কিন্তু তেওঁলোকে নাজানিলে যে মই তেওঁলোকৰ কাৰণে চিন্তা কৰোঁ।
וְאָנֹכִי תִרְגַּלְתִּי לְאֶפְרַיִם קָחָם עַל־זְרוֹעֹתָיו וְלֹא יָדְעוּ כִּי רְפָאתִֽים׃
4 মই তেওঁলোকক প্ৰেমজৰী আৰু প্রেমৰ বান্ধোনেৰে চলাই আনিলোঁ; মই তেওঁলোকৰ বাবে কান্ধৰ ওপৰৰ পৰা যুৱলিখন তুলি ধৰা লোকৰ নিচিনা হলোঁ; পাছত কুজাঁ হৈ তেওঁলোকক আহাৰ খোৱাই প্রতিপালন কৰিলোঁ।
בְּחַבְלֵי אָדָם אֶמְשְׁכֵם בַּעֲבֹתוֹת אַהֲבָה וָאֶהְיֶה לָהֶם כִּמְרִימֵי עֹל עַל לְחֵיהֶם וְאַט אֵלָיו אוֹכִֽיל׃
5 যিহেতু ইস্রায়েলীয়াসকল মোলৈ উলটি আহিবলৈ অসন্মত হ’ল, সেয়ে তেওঁলোক মিচৰলৈ উলটি নাযাব। আৰু অচূৰীয়াই তেওঁলোকৰ ওপৰত শাসন কৰিব।
לֹא יָשׁוּב אֶל־אֶרֶץ מִצְרַיִם וְאַשּׁוּר הוּא מַלְכּוֹ כִּי מֵאֲנוּ לָשֽׁוּב׃
6 তেওঁলোকৰ নগৰবোৰৰ ওপৰত যুদ্ধৰ তৰোৱাল পৰিব; তাতে তেওঁলোকৰ দুৱাৰবোৰৰ ডাংবোৰ নষ্ট হ’ব; নিজৰ পৰিকল্পনাৰ দ্বাৰাই তেওঁলোক বিনষ্ট হ’ব।
וְחָלָה חֶרֶב בְּעָרָיו וְכִלְּתָה בַדָּיו וְאָכָלָה מִֽמֹּעֲצוֹתֵיהֶֽם׃
7 মোৰ লোকসকল মোৰ পৰা ঘূৰি যাবলৈ স্থিৰ কৰিছে; যদিও তেওঁলোকে মোক অর্থাৎ অতি উর্দ্ধত থকা জনাক মাতিলেও, তেওঁ তেওঁলোকক মুঠেই উর্দ্ধত তুলি নলব।
וְעַמִּי תְלוּאִים לִמְשׁוּבָתִי וְאֶל־עַל יִקְרָאֻהוּ יַחַד לֹא יְרוֹמֵֽם׃
8 হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম? মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম? মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম? মোৰ হৃদয় ব্যাকুল হৈছে; মোৰ সকলো মমতা জাগি উঠিছে।
אֵיךְ אֶתֶּנְךָ אֶפְרַיִם אֲמַגֶּנְךָ יִשְׂרָאֵל אֵיךְ אֶתֶּנְךָ כְאַדְמָה אֲשִֽׂימְךָ כִּצְבֹאיִם נֶהְפַּךְ עָלַי לִבִּי יַחַד נִכְמְרוּ נִֽחוּמָֽי׃
9 মোৰ প্ৰচণ্ড ক্ৰোধ মই তোমালোকৰ বিৰুদ্ধে প্রকাশ নকৰিম; মই ইফ্ৰয়িমক পুনৰ বিনষ্ট নকৰিম; কিয়নো মই ঈশ্বৰ, মানুহ নহওঁ; মই তোমালোকৰ মাজত থকা পবিত্ৰ জনা; মই ক্ৰোধেৰে উপস্থিত নহম।
לֹא אֶֽעֱשֶׂה חֲרוֹן אַפִּי לֹא אָשׁוּב לְשַׁחֵת אֶפְרָיִם כִּי אֵל אָנֹכִי וְלֹא־אִישׁ בְּקִרְבְּךָ קָדוֹשׁ וְלֹא אָבוֹא בְּעִֽיר׃
10 ১০ তোমাৰ লোকসকল মোৰ (যিহোৱাৰ) পাছত চলিব; মই সিংহৰ নিচিনাকৈ গৰ্জ্জন কৰি মাতিম; মই গৰ্জ্জন কৰি মাতিলে মোৰ সন্তান সকল পশ্চিম ফালৰ পৰা কঁপি কঁপি আহিব।
אַחֲרֵי יְהֹוָה יֵלְכוּ כְּאַרְיֵה יִשְׁאָג כִּֽי־הוּא יִשְׁאַג וְיֶחֶרְדוּ בָנִים מִיָּֽם׃
11 ১১ মিচৰ দেশৰ পৰা চৰাইৰ নিচিনাকৈ, অচূৰীয়াৰ পৰা কপৌৰ নিচিনাকৈ তেওঁলোক কপিঁ কপিঁ আহিব; মই তেওঁলোকক নিজ নিজ ঘৰত বাস কৰাম। মই যিহোৱাই এই কথা কৈছো।
יֶחֶרְדוּ כְצִפּוֹר מִמִּצְרַיִם וּכְיוֹנָה מֵאֶרֶץ אַשּׁוּר וְהוֹשַׁבְתִּים עַל־בָּתֵּיהֶם נְאֻם־יְהֹוָֽה׃
12 ১২ যিহোৱাই কৈছে, “ইফ্ৰয়িমৰ মিছা কথা, ইস্ৰায়েল বংশৰ ছলনাই মোক চাৰিওফালে বেৰি ৰাখিছে; কিন্তু যিহূদাই এতিয়াও মোৰ অর্থাৎ ঈশ্বৰৰ লগত অহা-যোৱা কৰিছে আৰু মোলৈ অর্থাৎ পবিত্ৰ জনালৈ বিশ্বস্ত হৈ আছে।
סְבָבֻנִֽי בְכַחַשׁ אֶפְרַיִם וּבְמִרְמָה בֵּית יִשְׂרָאֵל וִיהוּדָה עֹד רָד עִם־אֵל וְעִם־קְדוֹשִׁים נֶאֱמָֽן׃

< হোসেয়া 11 >