< হাবাকুক 2 >
1 ১ মোৰ প্ৰহৰীস্থানত মই থিয় হম, আৰু পহৰা দিয়া ওখ স্তম্ভত মই নিজে থাকিম, আৰু মই সাৱধানে পহৰা দিম। আৰু তেওঁ মোক কি ক’ব, আৰু মোৰ অভিযোগৰ পৰা মই কেনেকৈ ঘূৰিব পাৰোঁ, সেই বিষয়ে মই চাম।
Őrhelyemre állok, és megállok a bástyán, és vigyázok, hogy lássam, mit szól hozzám, és mit feleljek én panaszom dolgában.
2 ২ যিহোৱাই মোক উত্তৰ দি ক’লে, “এই দৰ্শনৰ কথা লিখি থোৱা, আৰু এনে স্পষ্টকৈ ফলিত লিখা, যাতে যি কোনোৱে খৰকৈ পঢ়িব পাৰে।
És felele nékem az Úr, és mondá: Írd fel e látomást, és vésd táblákra, hogy könnyen olvasható legyen.
3 ৩ কাৰণ এই দৰ্শন যদিও ভবিষ্যত সময়ৰ বাবে তথাপিও শেষত এই দৰ্শন প্রকাশ পাব আৰু বিফল নহ’ব। যদিও পলম হয়, তাৰ বাবে অপেক্ষা কৰা; কাৰণ সেয়া নিশ্চয় সিদ্ধ হ’ব, আৰু পলম নহব।
Mert e látomás bizonyos időre szól, de vége felé siet és meg nem csal; ha késik is, bízzál benne; mert eljön, el fog jőni, nem marad el!
4 ৪ চোৱা! মানুহৰ আত্মা অহংকাৰী হয়, আৰু নিজেই নিজৰ বাবে ন্যায়পৰায়ণ নহয়, কিন্তু ধাৰ্মিক লোক নিজৰ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব।
Ímé, felfuvalkodott, nem igaz ő benne az ő lelke; az igaz pedig az ő hite által él.
5 ৫ কাৰণ সুৰাই গৰ্ব্বী যুৱকক বিশ্বাসঘাতক কৰে; সেয়ে তেওঁ সহ্য নকৰিব, কিন্তু তেওঁৰ বিস্তৃত আকাংক্ষা সমাধি আৰু মৃত্যুৰ দৰে সম্প্রসাৰিত কৰে, যি কেতিয়াও সন্তুষ্ট নহয়। তেওঁ নিজৰ বাবে সকলো দেশ আৰু লোকসকলক গোটাই, (Sheol )
És bizony, a bor is megcsal: felgerjed a férfiú és nincsen nyugalma; ő, a ki tátja száját, mint a Seol, és olyan ő, mint a halál: telhetetlen, és magához ragad minden népet és magához csatol minden nemzetet. (Sheol )
6 ৬ এই লোকসকল তেওঁৰ বিৰুদ্ধে দৃষ্টান্ত স্বৰূপ আৰু তেওঁৰ সম্পৰ্কে বিদ্ৰূপজনক বাক্য নক’ব নে? তেওঁলোকে ক’ব, ‘যি নিজৰ নহয়, তেনে সন্তাপ যিজনে বৃদ্ধি কৰে! তেনেদৰে তুমি কিমান দিন প্ৰতিজ্ঞাৰ বোজাৰ ভাৰ বৃদ্ধি কৰিবা?
Avagy nem költenek-é ezek mindnyájan példabeszédet róla, és találós mesét reá, mondván: Jaj annak, a ki rakásra gyűjti, a mi nem övé! De meddig? És a ki adóssággal terheli magát!
7 ৭ যিজনে তোমাৰ অহিতে দাঁতকৰচে, সেই জনে অকস্মাতে তোমাৰ অহিতে উঠে, আৰু যিজনে তোমাক আতঙ্কিত কৰে, সেই জনে জাগ্রত নহ’ব নে? তুমি তেওঁলোকৰ বাবে প্রতাৰিত লোক হ’বা!
Avagy nem támadnak-é hirtelen, a kik téged mardossanak, és nem serkennek-é fel, a kik háborgassanak téged? És zsákmányul esel nékik.
8 ৮ তুমি অনেক দেশ লুট কৰাৰ কাৰণে, সকলো অৱশিষ্ট লোকে তোমাক লুট কৰিব; মানুহৰ ৰক্তপাতৰ কাৰণে, দেশ, গাঁও, আৰু তাৰ আটাই নিবাসীসকললৈ কৰা অত্যাচাৰৰ বাবে এয়ে সিদ্ধ হ’ব।
Mivelhogy kifosztogattál sok nemzetet, kifosztanak téged mind a többi népek az emberek véréért, és az országok, városok és minden bennök lakozók ellen való erőszaktételért.
9 ৯ যিজনে নিজৰ ঘৰৰ বাবে পাপ অৰ্জন কৰে, সেই জনৰ সন্তাপ হ’ব। দুষ্টৰ হাতৰ পৰা উদ্ধাৰ পাবলৈ, তেওঁ ওখ ঠাইত নিজৰ আশ্রয়স্থান স্থাপন কৰে।’
Jaj annak, a ki bűnös szerzeményt szerez házának, hogy magasra rakhassa fészkét, hogy megszabadulhasson a gonosz hatalma elől.
10 ১০ তুমি অনেক লোকক উচ্ছন্ন কৰিবলৈ তোমাৰ ঘৰৰ বাবে লজ্জাজনক চিন্তা কৰিলা, আৰু তোমাৰ নিজৰ আত্মাৰ বিৰুদ্ধে পাপ কৰিলা।
Házadnak gyalázatára tervezted a sok nép kiirtását, és bűnössé tetted lelkedet.
11 ১১ দেৱালৰ মাজৰ পৰা শিলে চিঞৰি কান্দিব, আৰু কাঠৰ মাজৰ পৰা চটিয়ে তাৰ উত্তৰ দিব।
Mert a kő is ellened kiált a falból, és a gerenda a fa-alkotmányból visszhangoz néki.
12 ১২ ৰক্তপাতেৰে নগৰ নিৰ্মাণ কৰা জনৰ আৰু অপৰাধৰ দ্বাৰাই নগৰ স্থাপন কৰা জনৰ সন্তাপ হ’ব।
Jaj annak, a ki várost épít vérengzéssel, és a ki várat emel álnoksággal.
13 ১৩ এয়ে বাহিনীসকলৰ যিহোৱাৰ পৰা নহয় নে? লোকসকলে জুইৰ বাবে পৰিশ্ৰম কৰে, আৰু সেই দেশবাসীয়ে অসাৰ বস্তুৰ বাবে চিন্তিত হয়,
Avagy ímé, nem a Seregek Urától van-é ez, hogy a népek tűznek építenek, és a nemzetek a hiábavalóságnak fáradoznak?
14 ১৪ সমুদ্ৰ যেনেকৈ পানীৰে পৰিপূৰ্ণ, সেইদৰে পৃথিৱীখন যিহোৱাৰ জ্ঞানৰ মহিমাৰে পৰিপূৰ্ণ হ’ব।
Mert az Úr dicsőségének ismeretével betelik a föld, a miképen a folyamok megtöltik a tengert.
15 ১৫ যিজনে নিজৰ চুবুৰীয়াক সুৰা পান কৰায়, আৰু যেতিয়ালৈকে মতলীয়া নহয়, তুমি বিষ দি তেওঁক সুৰা পান কৰায় থাকা, যাতে তুমি তেওঁৰ বিবস্ত্রতা দেখা পোৱা!’
Jaj annak, a ki megitatja felebarátját, epédet keverve belé, hogy megrészegítsed őt, hogy láthassad az ő szemérmöket!
16 ১৬ তুমি গৌৰৱৰ পৰিৱৰ্তে লাজেৰে পৰিপূৰ্ণ হ’বা; তুমিও পান কৰা, আৰু তোমাৰ নিজৰ বিৱস্ত্রতা প্রকাশ কৰা! যিহোৱাৰ সোঁ হাতত থকা পিয়লা তোমালৈ ঘূৰি আহিব, আৰু অপমানে তোমাৰ সন্মান ছানি ধৰিব।
Gyalázattal telsz meg dicsőség helyett; igyál te is és láttassék szemérmed; reád fordul az Úr jobbjának pohara, és gyalázat borítja el dicsőségedet.
17 ১৭ লিবানোনত হোৱা অত্যাচাৰে তোমাক ঢাকিব, আৰু পশুবোৰৰ ধ্বংস দেখি তুমি আতঙ্কিত হ’বা; মানুহৰ ৰক্তপাতৰ কাৰণে, আৰু দেশ, নগৰ, আৰু তাত থকা সকলো নিবাসীলৈ কৰা অত্যাচাৰৰ বাবেই এইদৰে ঘটিব।
Bizony, a libanoni erőszakoskodás gyászba borít téged, és a vadak pusztítása, a mely rettegteté őket, az emberek véréért és az országon, a városon és annak minden lakosán űzött erőszakosságért.
18 ১৮ কটা-প্ৰতিমাই তোমাক কি উপকাৰ কৰে? যে তাৰ বাবে নিৰ্মাণকাৰীয়ে যেতিয়া তাক কাটে বা গলোৱা ধাতুৰ পৰা যেতিয়া প্রতিমা তৈয়াৰ কৰে, তেওঁ এজন মিছা শিক্ষক; যেতিয়া নিৰ্মাণকাৰীয়ে নিষ্প্রাণ মূৰ্ত্তি তৈয়াৰ কৰে, তেতিয়া তেওঁ নিজৰ হাতৰ কৰ্মত বিশ্বাস কৰে।
Mit használ a faragott kép, hogy a faragója kifaragta azt? vagy az öntött kép és a mely hazugságot tanít, hogy a képnek faragója bízik abban, csinálván néma bálványokat?
19 ১৯ যি জনে কাঠক সাৰ পোৱা বুলি কয়, বা শিলক উঠা বুলি কয়, তেওঁৰ সন্তাপ হ’ব! সেইবোৰে জানো শিক্ষা দিব? চোৱা, এইবোৰত সোণ আৰু ৰূপ খটোৱা হৈছে, কিন্তু সেইবোৰৰ ভিতৰত কিঞ্চিতো প্রাণবায়ু নাই।
Jaj annak, aki fának mondja: Serkenj fel! néma kőnek: Ébredj fel! Taníthat-é ez? Ímé, borítva van aranynyal és ezüsttel, lélek pedig nincs benne semmi!
20 ২০ কিন্তু যিহোৱা নিজৰ পবিত্ৰ মন্দিৰত আছে; সমূদায় পৃথিৱী তেওঁৰ আগত নিজম দি থাকক।
Ellenkezőleg az Úr az ő szent templomában, hallgasson előtte az egész föld!