< ১ বংশাবলি 12 >

1 যি সময়ত তেওঁ কীচৰ পুত্ৰ চৌলৰ সন্মুখৰ পৰা পলাই আছিল, সেই সময়ত চিক্লগলৈ দায়ুদৰ ওচৰলৈ অহা লোকসকল এওঁলোক। তেওঁলোক যুদ্ধত তেওঁক সহায় কৰা সৈনিকৰ মাজৰ আছিল।
И сии приидоша ко Давиду в Сикелаг, егда еще обдержимь бяше от лица Саула сына Кисова: и сии от сильных помогающе во брани,
2 তেওঁলোক ধনুৰ্দ্ধৰ, সোঁ আৰু বাওঁ হাতেৰে ফিঙ্গাৰ শিল মাৰিবলৈ, আৰু ধনুৰে কাঁড় মাৰিবলৈ নিপুণ আছিল। তেওঁলোক বিন্যামীনীয়া চৌলৰ জাতিৰ লোক আছিল।
напрязающе лук десными и шуими руками, и пращницы каменем и стрелами, от братий Сауловых от (колена) Вениамина:
3 প্ৰধান অহীয়েজৰ আছিল, তেওঁৰ পাছত যোৱাচ তেওঁলোক দুয়োজনে গিবিয়াতীয়াৰ চমায়াৰ পুত্ৰ। অজমাবতৰ দুজন পুত্ৰ যিজীয়েল আৰু পেলট, এওঁলোকৰ মাজত বৰাখা ও অনাথোতীয়া যেহূও আছিল,
князь Ахиезер, и Иоас сын Самаа Гавафита, и Иезиил, и Фалиф, сынове Замофовы, и Варахиа, и Ииуа Анафофитин,
4 ত্ৰিশ জনৰ মাজত এজন সৈনিক আৰু ত্ৰিশ জনৰ ওপৰত নিযুক্ত সেনাপতি গিবিয়োনীয়া যিচময়া আছিল, যিৰিমিয়া, জহজীয়েল, যোহানন, আৰু গদেৰোথীয়া যোজাব,
и Самаиа Гаваонитин, сильный посреде тридесятих и над тридесятию, и Иеремиа, и Иезекииль, и Иоаннан, и Иозаваф Гадарафитин,
5 ইলিয়ুজ, যিৰিমোৎ, বিয়লিয়া, চমৰিয়া, আৰু হৰুফীয়া চফটিয়া,
Елиозий, и Иеримуф, и Ваалиа, и Самариа, и Сафатиа Аруфин,
6 ইলকানা, যিচিয়া, অজৰেল, যোৱেজৰ, আৰু যাচবিয়াম, এওঁলোক কোৰহীয়া লোক, আৰু
Елкана, и Иесиа, и Иелиил, и Иезаар, и Иесваам, Коритяне,
7 গদোৰৰ যিৰোহমৰ পুত্ৰ যোৱেল আৰু জবদিয়া।
и Иоила, и Завадиа, сынове Иероамли, и иже от Гедора.
8 গাদীয়াসকলৰ মাজৰ কিছুমান লোকে মৰুপ্রান্তৰ দুৰ্গত দায়ূদৰ লগত যোগ দিছিল। তেওঁলোক যুদ্ধাৰু, যুদ্ধৰ বাবে প্রশিক্ষণ প্রাপ্ত, তেওঁলোক ঢাল আৰু যাঠী ধৰাত সক্ষম আছিল; তেওঁলোকৰ মুখ সিংহৰ মুখৰ দৰে আছিল। তেওঁলোক পৰ্বতত থকা হৰিণাৰ নিচিনা বেগী আছিল।
И от Гадди прибегоша к Давиду, (егда таяшеся) в пустыни, мужие крепцы и бойцы нарочити, держащии щиты и копия: лица же их яко лица львова, и легцы яко серны на горах скоростию:
9 তেওঁলোকৰ মাজত এজৰ নেতা আছিল, দ্বিতীয় ওবদিয়া, তৃতীয় ইলীয়াব,
Азер в первых, Авдиа вторый, Алиад третий,
10 ১০ চতুৰ্থ মিচমন্না, পঞ্চম যিৰিমিয়া,
Масман четвертый, Иеремиа пятый,
11 ১১ ষষ্ঠ অত্তয়, সপ্তম ইলীয়েল,
Иеффиа шестый, Елиил седмый,
12 ১২ অষ্টম যোহানন, নৱম ইলজাবদ,
Иоанан осмый, Ельзавель девятый,
13 ১৩ দশম যিৰিমিয়া, আৰু একাদশ মগবন্নয়।
Иеремиа десятый, Махавенай первыйнадесять.
14 ১৪ গাদৰ পুত্রসকল সৈনিকসকলৰ সেনাপতি আছিল। যি জন সৰু, তেওঁ এশ জনক, আৰু যি জন ডাঙৰ, তেওঁ এক হাজাৰ জনক নেতৃত্ব দিছিল।
Сии от сынов Гадовых князи воинстии, един над стом малый, великий же над тысящею:
15 ১৫ তেওঁলোক প্ৰথম মাহত যৰ্দ্দন পাৰ হৈছিল, যেতিয়া ইয়াৰ পানী দুয়োপাৰে বাগৰি পাৰ হয়, এনে সময়ত তেওঁলোক পাৰ হৈ, পূব আৰু পশ্চিম দুয়ো দিশৰ উপত্যকাত বাস কৰা সকলক খেদিছিল।
сии иже преидоша Иордан месяца перваго: и сей наполнен во всех брезех своих: и изгнаша всех, иже живяху в юдолех от восток даже до запад.
16 ১৬ বিন্যামীনৰ আৰু যিহূদাৰ মাজৰ কিছুমান লোক দায়ূদৰ দুৰ্গলৈ আহিল।
Приидоша же от сынов Вениаминих и Иудиных на помощь Давиду.
17 ১৭ দায়ূদে তেওঁলোকক সাক্ষাৎ কৰিবৰ বাবে বাহিৰ ওলাই তেওঁলোকক সম্বোধন কৰি ক’লে, “যদি তোমালোকে মোক শান্তনা দিবৰ বাবে মোৰ ওচৰলৈ আহিছা, তেনেহ’লে তোমালোকে মোৰ সৈতে যোগ দিব পাৰা। কিন্তু, যদি বিশ্বাস-ঘাত কৰি মোৰ শত্রুবোৰক মোক শোধাই দিবলৈ আহিছা, তেনেহ’লে আমাৰ ওপৰ-পিতৃসকলৰ ঈশ্ৱৰে চাওক আৰু তোমালোকক দণ্ড দিয়ক, কাৰণ এতিয়ালৈকে মই একো ভুল কৰা নাই।”
И изыде Давид во сретение им и рече им: аще мирно приидосте ко мне, да будет сердце мое такожде к вам: аще же предати мя супостатом моим не во истине руки, да видит Бог отец наших и судит.
18 ১৮ তাৰ পাছত ত্ৰিশ জনৰ ওপৰত সেনাপতি হৈ থকা অমাচয়ৰ ওপৰত আত্মাই স্থিতি ল’লে। অমাচয়ে ক’লে, “হে দায়ুদ, আমি তোমাৰেই। যিচয়ৰ পুত্ৰ, আমি তোমাৰ ফলীয়া। শান্তি হওক, তোমাক যি সকলে সহায় কৰে তেওঁৰো শান্তি হওক। তোমাক সহায় কৰা সকলৰো শান্তি হওক, কিয়নো তোমাৰ ঈশ্বৰে তোমাক সহায় কৰিছে।” তেতিয়া দায়ূদে তেওঁলোকক গ্ৰহণ কৰি নিজৰ সৈন্যদলৰ সেনাপতি পাতিলে।
И облече дух Амасию князя над тридесятию, и рече: иди, Давида сыне Иессеев, и людие твои: мир, мир тебе, и мир помощником твоим, яко тебе помогает Бог твой. И восприят их Давид и постави их князей сил.
19 ১৯ চৌলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পলেষ্টীয়াসকলৰ লগত দায়ুদ যোৱাৰ সময়ত, মনচিৰ পৰা কিছুমান লোক আতৰিগৈ দায়ূদৰ ফলীয়া হ’ল। কিন্তু তেওঁলোকে ফিলিষ্টীয়াসকলক সহায় কৰা নাছিল, কাৰণ ফিলিষ্টীয়াসকলৰ অধিপতিসকলে ইজনে সিজনৰ সৈতে পৰামৰ্শ কৰি তেওঁক পঠিয়াই দিলে। তেওঁলোকে ক’লে, “তেওঁ আমাৰ জীৱন বিপদত পেলাই নিজৰ প্ৰভু চৌলৰ ফালে পলায়ন কৰিব।”
И от Манассии прибегоша к Давиду, егда идяху иноплеменницы на Саула на брань, и не поможе им Давид, яко совет быти у воевод иноплеменничих, глаголющих: с главами мужей сих обратится ко господину своему Саулу.
20 ২০ দায়ুদ যেতিয়া চিক্লগলৈ গ’ল, তেতিয়া মনচিৰ যিসকল লোকে তেওঁৰ সৈতে যোগ দিছিল, তেওঁলোক হ’ল অদলহ, যোজাবদ, যিদীয়েল, মীখায়েল, যোজাবদ, ইলীহূ, আৰু চিল্লাথয়, মনচি সহস্রপতি আছিল।
И егда идяше Давид в Сикелаг, прибегоша к нему от Манассии Еднай и Иозаваф, и Иавнил и Михаил и Иосафаф и Елиу и Салафий, князи над тысящами у Манассии:
21 ২১ তেওঁলোকে দায়ূদক ডকাইত-দলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সহায় কৰিলে, কাৰণ তেওঁলোক যুদ্ধাৰু আছিল। তাৰ পাছত তেওঁলোক সৈনিকৰ সেনাপতি হৈছিল।
сии даша помощь Давиду на полчище геддуров, вси бо крепцы силою: и беша крепцы началницы в воинстве силою.
22 ২২ দিনে দিনে, দায়ূদক সহায় কৰিবৰ বাবে লোকসকল আহি আছিল, যেতিয়ালৈকে তাত ঈশ্বৰৰ সৈন্যদলৰ দৰে এটা মহাসৈন্যদল গঠন নহ’ল।
Зане на всяк день прихождаху к Давиду на помощь ему, в силу велику, аки сила Божия.
23 ২৩ যুদ্ধলৈ সু-সজ্জিত সৈন্য দলৰ এইখন লিপিৱদ্ধ নথি পত্র, যি সকল হিব্ৰোণলৈ দায়ূদৰ ওচৰলৈ আহিছিল, যাতে যিহোৱাৰ বাক্য অনুসাৰে চৌলৰ পৰা ৰাজ্য লৈ তেওঁক দিব পাৰে।
И сия имена князей воинства, иже приидоша ко Давиду в Хеврон, да возвратят царство Саулово к нему по словеси Господню:
24 ২৪ যিহূদাৰ যি সকল লোক ঢাল আৰু যাঠী ধৰি যুদ্ধলৈ সাজো হৈছিল তেওঁলোক ছয় হাজাৰ আঠ শ আছিল।
сынове Иудины носящии щиты и копия шесть тысящ и осмь сот, крепцы ко ополчению:
25 ২৫ চিমিয়োন সকলৰ পৰা সাত হাজাৰ এশ যুদ্ধাৰু আছিল।
от сынов Симеоних, крепцы силою на ополчение седмь тысящ и сто:
26 ২৬ লেবী সকলৰ পৰা চাৰি হাজাৰ ছশ যুদ্ধাৰু আছিল।
от сынов Левииных четыри тысящы и шесть сот:
27 ২৭ যিহোয়াদা হাৰোণৰ বংশৰ প্রধান লোক আছিল, আৰু তেওঁৰ সৈতে তিনি হাজাৰ সাত শ লোক আছিল।
и Иодда князь от колена Аароня, и с ним три тысящы и седмь сот:
28 ২৮ চাদোকৰ সৈতে, এজন ডেকা বীৰ আৰু সাহসী ব্যক্তি আছিল, তেওঁৰ পিতৃৰ পৰিয়ালৰ পৰা বাইশ জন প্রধান লোক আছিল।
и Садок, отрок крепкий силою, и дому отца его князи двадесять два:
29 ২৯ বিন্যামীনৰ পৰা চৌলৰ জাতিৰ তিনি হাজাৰ লোক আছিল। এই সময়লৈকে তেওঁলোকৰ বেছি ভাগ লোক চৌলৰ বিশ্ৱাসী হৈ আছিল।
от сынов же Вениаминих братий Сауловых три тысящы, и еще болшая часть их наблюдаше стражбу дому Сауля:
30 ৩০ ইফ্ৰয়িম সকলৰ মাজত বিশ হাজাৰ আঠ শ যুদ্ধাৰু আছিল, তেওঁলোক নিজৰ পিতৃ পৰিয়ালত নামজ্বলা লোক আছিল।
и от сынов Ефремлих двадесять тысящ и осмь сот крепцы силою, мужие именитии по домом отечеств их:
31 ৩১ মনচিৰ আধা জাতিৰ পৰা ওঠৰ হাজাৰ নামজ্বলা লোক আছিল, এওঁলোকে দায়ূদক ৰজা পাতিবলৈ আহিছিল।
и от полуплемене Манассиина осмьнадесять тысящ, и иже нарекошася именем, да поставят царем Давида:
32 ৩২ ইচাখৰৰ পৰা দুশ প্ৰধান লোক আছিল। এওঁলোকে সেই সময়ৰ সকলো কথা জানিছিল আৰু ইস্ৰায়েলে কি কৰা উচিত, সেই বিষয়েও তেওঁলোকে জানিছিল। তেওঁলোকৰ সম্পৰ্কীয় লোকসকলে আজ্ঞাৰ অধীনত আছিল।
от сынов Иссахаровых мужие учени, иже познаваху времена разсуждению, что сотворити имать Израиль, в начала их двести, и вся братия их с ними:
33 ৩৩ জবূলূনৰ মাজত পঞ্চাশ হাজাৰ যুদ্ধাৰু লোক যুদ্ধৰ বাবে প্রস্তুত হৈ সকলো প্ৰকাৰ যুদ্ধৰ অস্ত্ৰ লগত লৈ আৰু দুই মন নোহোৱাকৈ বিশ্ৱাসী হৈ যুদ্ধ কৰিবলৈ প্রস্তুত আছিল।
и от Завулона исходящии ко ополчению брани, со всякими оружии бранными, пятьдесят тысящ, в помощь Давиду не с праздными руками:
34 ৩৪ নপ্তালীৰ মাজত এক হাজাৰ কৰ্মচাৰী, আৰু তেওঁলোকৰ লগত ঢাল আৰু যাঠী ধৰা সাতত্ৰিশ হাজাৰ লোক আছিল।
и от Неффалима князей тысяща, и с ними в щитах и с копиями тридесять и седмь тысящ:
35 ৩৫ দানীয়াসকলৰ মাজত আঠাইশ হাজাৰ ছশ লোক যুদ্ধৰ বাবে প্রস্তুত আছিল।
и от сынов Дановых ополчающиися на брань двадесять осмь тысящ и шесть сот:
36 ৩৬ আচেৰৰ মাজত যুদ্ধৰ বাবে চল্লিশ হাজাৰ লোক প্রস্তুত আছিল।
и от Асира исходящии помощи в брани четыредесять тысящ:
37 ৩৭ যৰ্দ্দনৰ সিপাৰত থকা ৰূবেণীয়াসকলৰ, গাদীয়াসকলৰ, আৰু মনচিৰ আধা জাতিৰ মাজত যুদ্ধৰ বাবে সকলো প্ৰকাৰ অস্ত্ৰ ধৰা এক লাখ বিশ হাজাৰ লোক আছিল।
и со оныя страны Иордана от сынов Рувимовых и от Гадовых и от полуплемене Манассиина во всем оружии браннем сто и двадесять тысящ.
38 ৩৮ সকলো সৈনিকসকল যুদ্ধৰ বাবে যুগুত হৈ দায়ূদক সকলো ইস্ৰায়েল লোক সকলৰ ওপৰত ৰজা পাতিবলৈ সম্পূৰ্ণ মনেৰে হিব্ৰোণলৈ আহিছিল। সকলো অৱশিষ্ট ইস্ৰায়েল লোকসকলে দায়ূদক ৰজা পাতিবলৈ সদ-ভাৱেৰে এক হৈছিল।
Вси сии мужие браннии управлени ко ополчению сердцем мирным: и приидоша в Хеврон, да поставят царя Давида над всем Израилем: и прочии от Израиля едино сердце бяху, да царь будет Давид.
39 ৩৯ তেওঁলোকে সেই ঠাইতে তিনি দিন দায়ূদৰ লগত ভোজন-পান কৰি থাকিল, কাৰণ তেওঁলোকৰ সম্বন্ধীয়সকলে তেওঁলোকৰ বাবে প্রয়োজনীয় বস্তু যুগুত কৰি থৈছিল।
Быша же ту с Давидов три дни, ядуще и пиюще, уготоваша бо им братия их.
40 ৪০ ওপৰেঞ্চি, যি সকল তেওঁলোকৰ ওচৰত আছিল, ইচাখৰ, জবূলূন, আৰু নপ্তালীৰ লোকসকলে গাধবোৰৰ পিঠিত পিঠা, উটবোৰ, খছৰবোৰ, আৰু ষাঁড়-গৰুবোৰ, ডিমৰুৰ শেকা পিঠা, কিচমিচৰ থোপা, দ্ৰাক্ষাৰস, আৰু তেল, ষাঁড় গৰুবোৰ আৰু মেৰ-ছাগ আনিছিল, কাৰণ ইস্ৰায়েলৰ লোকসকলে উৎসৱ পালন কৰি আছিল।
И иже близ их бяху даже до Иссахара и Завулона и Неффалима, приношаху им на ослех и велблюдех, и мсках и волех пищу, муку, перевясла смоквей и гроздие сухое, вино и елей, и волы и овны во множестве, радость бо бысть во Израили.

< ১ বংশাবলি 12 >