< ১ বংশাবলি 10 >
1 ১ পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে। ইস্ৰায়েলৰ সকলো লোক পলেষ্টীয়াসকলৰ সন্মুখৰ পৰা পলাল, আৰু অনেক লোকৰ মৃত্যু হৈ গিলবোৱা পৰ্বতত পৰিল।
E os philisteus pelejaram com Israel: e os homens de Israel fugiram de diante dos philisteus, e cairam feridos nas montanhas de Gilboa.
2 ২ পলেষ্টীয়াসকলে চৌল আৰু তেওঁৰ পুত্ৰসকলক পাছে পাছে খেদি গৈ, চৌলৰ পুত্ৰ যোনাথনক, অবীনাদবক, আৰু মল্কীচুৱাক বধ কৰিলে।
E os philisteus apertaram com Saul e com seus filhos, e feriram os philisteus a Jonathan, e a Abinadab, e a Malchisua, filhos de Saul.
3 ৩ চৌলৰ বিৰুদ্ধে ঘোৰ যুদ্ধ হ’ল, আৰু ধনুৰ্দ্ধৰসকলে তেওঁক আগচি ধৰিলে। ধনুৰ্দ্ধৰসকলৰ কাৰণে তেওঁ ত্ৰাসযুক্ত হ’ল।
E a peleja se agravou contra Saul, e os flecheiros o acharam: e temeu muito aos flecheiros.
4 ৪ তাৰ পাছত চৌলে তেওঁৰ অস্ত্ৰবাহকক ক’লে, “তোৰ তৰোৱাল উলিয়াই তাৰে মোক খোঁচ। নহলে, এই অচুন্নৎহঁতে আহি মোক অপব্যৱহাৰ কৰিব।” কিন্তু তেওঁৰ অস্ত্ৰবাহকে মান্তি নহ’ল, কাৰণ তেওঁ অতিশয় ভয়ত আছিল। সেয়ে চৌলে নিজৰ তৰোৱাল লৈ তাৰ ওপৰত পৰিল।
Então disse Saul ao seu escudeiro: Arranca a tua espada, e atravessa-me com ela; para que porventura não venham estes incircuncisos e escarneçam de mim. Porém o seu escudeiro não quis, porque temia muito; então tomou Saul a espada, e se lançou sobre ela.
5 ৫ যেতিয়া তেওঁৰ অস্ত্ৰবাহকে দেখিলে চৌলৰ মৃত্যু হ’ল; তেতিয়া তেওঁৰ অস্ত্ৰবাহকেও তেওঁৰ দৰে নিজৰ তৰোৱালৰ ওপৰত পৰি মৰিল।
Vendo pois o seu escudeiro que Saul estava morto, também ele se lançou sobre a espada, e morreu.
6 ৬ এইদৰে চৌল, তেওঁৰ তিনি জন পুত্ৰ, আৰু তেওঁৰ পৰিয়ালৰ সকলো সদস্যসকলৰো একে-লগে মৃত্যু হ’ল।
Assim morreram Saul e seus três filhos; e toda a sua casa morreu juntamente.
7 ৭ যেতিয়া ইস্ৰায়েলৰ লোক সকলে সমথল ঠাইলৈ আহি দেখিলে যে, তেওঁলোক পলাইছে আৰু চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত্যু হ’ল; তেতিয়া তেওঁলোকে নিজৰ নগৰবোৰ এৰি পলাল। তাৰ পাছত পলেষ্টীয়াসকলে আহি সেইবোৰ ঠাইত বাস কৰিলে।
E, vendo todos os homens de Israel, que estavam no vale, que haviam fugido, e que Saul e seus filhos eram mortos, deixaram as suas cidades, e fugiram: então vieram os philisteus, e habitaram nelas.
8 ৮ পিছদিনা পলেষ্টীয়াসকলে বধ কৰা লোকসকলৰ সাজ সোলোকাই লবলৈ আহি, গিলবোৱা পৰ্বতত চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত-দেহ পৰি থকা পালে।
E sucedeu que, no dia seguinte, vindo os philisteus a despojar os mortos, acharam a Saul e a seus filhos estirados nas montanhas de Gilboa.
9 ৯ তেতিয়া তেওঁলোকে চৌলৰ সাজ সোলোকালে আৰু তেওঁৰ মূৰ লৈ, নিজৰ দেৱতাবোৰক আৰু লোকসকলক বাতৰি জনাবৰ বাবে, পলেষ্টীয়াসকলৰ দেশত সকলো ফালে বাৰ্ত্তাবাহক পঠাই দিলে।
E o despojaram, e tomaram a sua cabeça e as suas armas, e as enviaram pela terra dos philisteus em redor, para o anunciarem a seus ídolos e ao povo.
10 ১০ তেওঁলোকে চৌলৰ যুদ্ধৰ সাজ তেওঁলোকৰ দেৱতাবোৰৰ মন্দিৰত ৰাখিলে, আৰু তেওঁৰ মূৰ দাগোনৰ মন্দিৰৰ ভিতৰত আৰি থলে।
E puseram as suas armas na casa do seu deus, e a sua cabeça afixaram na casa de Dagon.
11 ১১ যেতিয়া যাবেচ গিলিয়দৰ সকলো লোকে পলেষ্টীয়াসকলে চৌললৈ কৰা সেই কৰ্মৰ বাতৰি পালে,
Ouvindo pois toda a Jabes de Gilead tudo quanto os philisteus fizeram a Saul,
12 ১২ তেতিয়া তেওঁলোকৰ সকলো যুদ্ধাৰু লোকে গৈ চৌল আৰু তেওঁৰ পুত্ৰসকলৰ মৃত-দেহবোৰ যাবেচলৈ লৈ আহিল, আৰু তেওঁলোকৰ অস্থি যাবেচত থকা ওক গছৰ তলত পুতি হ’ল, আৰু সাত দিন লঘোন দিলে।
Então todos os homens belicosos se levantaram, e tomaram o corpo de Saul, e os corpos de seus filhos, e os trouxeram a Jabes; e sepultaram os seus ossos debaixo dum carvalho em Jabes, e jejuaram sete dias.
13 ১৩ চৌল যিহোৱাৰ অবিশ্ৱাসী হোৱাৰ বাবে এইদৰে মৃত্যু হ’ল। তেওঁ যিহোৱাৰ আজ্ঞা বোৰ পালন নকৰিলে, কিন্তু পৰামৰ্শ লবলৈ মৃতলোকৰ লগত কথা পতা লোকৰ ওচৰলৈ গৈছিল।
Assim morreu Saul por causa da sua transgressão com que transgrediu contra o Senhor, por causa da palavra do Senhor, a qual não havia guardado; e também porque buscou a adivinhadora para a consultar.
14 ১৪ তেওঁ যিহোৱাৰ পৰা মাৰ্গ প্ৰদৰ্শনৰ বাবে প্ৰাৰ্থনা কৰা নাছিল। সেয়ে যিহোৱাই তেওঁক মাৰিলে আৰু ৰাজ্যকো কাঢ়ি লৈ যিচয়ৰ পুত্ৰ দায়ূদক দিলে।
E não buscou ao Senhor, pelo que o matou, e transferiu o reino a David, filho de Jessé.